Monday, 22 June 2015

কি কি কাৰণত ৰোজা নষ্ট বা ভংগ বা দুর্বল নহয়


কি কি কাৰণত ৰোজা নষ্ট বা ভংগ বা দুর্বল নহয়-

১. ভূলবহত কোনো বস্তু পানাহাৰ কৰিলে (খাদ্য খালে) বা কোনোবাই বলপূৰ্বকভাৱে পানাহাৰ কৰালে।

২. কোনো কাৰণত হঠাৎ অনিচ্ছাকৃতভাবে বমি কৰিলে।

৩. স্বপ্নদোষ হ'লে।

৪. স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে শৰীৰৰ পৰা তেজ দিলে ৷

৫. খাদ্যৰ চাহিদা পূৰণ অথবা গাত শক্তি বৃদ্ধিৰ কাৰণ ব্যতীত অন্য যি কোনো কাৰণত ইনজেকচন ল'লে, যেনেঃ ভ্যক্সিন, বিষ কম কৰাৰ কাৰণে, হাঁপানী, ডায়াবেটিছৰ কাৰণে ইনচুলিন ল'লে ইত্যাদি।

৬. দিনত (ৰোজা অৱস্থাত) মেছৱাক কৰিলে।

৭. কানত নাইবা চকুত ড্রপ দিলে, আনকি ডিঙিৰ ভিতৰত তিতা অনুভৱ হ'লেও ৰোজা ভংগ নহয়।

৮. দাঁত সৰালে।

৯. নিজৰ মুখৰ থুু গিলি পেলালে ৷

১০. বাৰে বাৰে কুলি কৰিলে বা মুখ ধুলে।

১১. হাঁফানী বা এই জাতীয় বেমাৰৰ বাবে অক্সিজেন গেচ বা স্প্রে নাকত নহ'লে মুখত ব্যৱহাৰ কৰিলে।

১২. আঁতৰ, ছেন্ট, ছুৰমা, চাবোন, তেল, ক্রীম, ইত্যাদি ব্যৱহাৰ কৰিলে।

১৩. গৰমৰ কাৰণে বাৰে বাৰে গোচল কৰিলে, পানিত নামিলে অথবা মুৰত পানি ঢালিলে অথবা ভিজা কাপোৰেৰে শৰীৰ মুছিলে।

১৪. যি কোনো কাৰণত শৰীৰৰ পৰা ৰক্ত (তেজ) ওলালে যেনে আঘাত লাগি, নাকৰ পৰা অথবা মূৰ ফাটি ,তেনেস্থলত ৰোজা ভংগ নহয়৷

১৫. শৰীৰৰ যি কোনো অংগত ব্যেণ্ডেজ বাঁন্ধিলে, মলম বা মালিচ ব্যৱহাৰ কৰিলে।

১৬. স্ত্ৰীক বা সন্তানক চুমা খালে ৷[*]

১৭. মুৰৰ চুলি, গোঁফ, নাভীৰ তলৰ চুলি ইত্যাদি কাটিলে অথবা হাত-ভৰিৰ নখ কাটিলে ৰোজা নষ্ট নহয়।

১৮. ৰাস্তাৰ ধূলি-বালি নিঃশ্বাসৰ লগত পেটত গলে ৰোজা ভংগ নহয়।

++++++++++
16[*]-অসমত ইছলাম প্ৰচাৰ -Q.A 16 no. or hadis. Al-Bukhaari (1927) and Muslim (1106) narrated that ‘Aa’ishah (may Allaah be pleased with her) said: “The Prophet (peace and blessings of Allaah be upon him) used to kiss and be intimate when fasting, and he was the most able of you to control his desire.”



No comments:

Post a Comment